Assamese poem by Nabajit.
খিল খিল হাঁহিৰ গুঞ্জনৰ মাজত তুমি
ডি চি বি গাৰ্লছ কলেজৰ মিছ কংকনা শইকীয়া
তুমিটো জানাই মই তোমাৰ বাবেই ৰৈ থাকো
ডি চি বি কলেজৰ মেইন গেটৰ সন্মুখত ।
তোমাৰ খিল খিল হাঁহিৰ শব্দত কলেজ খনে
প্ৰাণ পায় উঠে আৰু যোৰহাট খনও গাভৰু হৈ পৰে
বগা চুৰনি আৰু পাতল বেঙুনীয়া সাজেৰে
জিলিকি উঠে যোৰহাটৰ ডি চি বি তিনি আলি
জেইল ৰোড, বৰুৱা চাৰি আলি, গড় আলিত
বিয়পি পৰে তোমাৰ সৌন্দৰ্যৰ বহিঃপ্ৰকাশ।
ষ্ট্ৰেইট চুলি উৰুৱাই চহৰৰ ৰাজপথৰ ধুলি উৰুৱাই
তোমাৰ হাঁহি জিলিকি উঠে
মাৰ্ক জুকাৰবাৰ্গৰ নীলা ফেচবুকত।
তোমাৰ হাঁহি জিলিকি উঠে এণ্ডৰইড মোবাইলৰ
ৱাল পেপাৰত আৰু জিলিকি উঠে
হোৱাট্চ এপ্ৰ ৰঙীন প্ৰফাইল পিকচাৰত।
মই অপ্ৰাণ চেষ্টা চলাঁও
তোমাৰ ফটো জুম কৰি চাবলৈ,
তোমাৰ হাঁহিত উটি ভাঁহি ফুৰো
কল্পনাৰ বিশাল সাগৰখনত।
চুনামিৰ সৃষ্টি হয় যেতিয়া তুমি যোৰহাট
আই এছ বি টি লৈ মোক লগ কৰিবলৈ আহা
যেতিয়া তুমি তোমাৰ ষ্ট্ৰেইট চুলিখিনি
হোণ্ডা ডিঅ’ ৰ পৰা নামি কোমল হাতৰ
আঙুলীৰে ফণিয়াবলৈ চেষ্টা কৰা
উফ: ……… তেতিয়া ……
এনে যেন লাগে এভাৰেষ্টৰ শীৰ্ষত
উঠি চিঞৰি দিম “মই তোমাক বহুত ভালপাঁও”।
তুমি জানাই মই তোমাক কিমান ভাল পাঁও
কিমান সপোন দেখো তোমাক লৈ
কিমান বিচাৰো তোমাক …… আৰু …..
আৰু সপোন বোৰ বাস্তৱত পৰিণত কৰিবলৈ
কিমান চেষ্টা কৰো।
হয়, মই সপোন দেখো ….. আৰু
সপোনৰ ডেউকাৰে উৰিব বিচাৰো
উচ্চতাৰ পৰা উচ্চতালৈ ….. মাউণ্ট এভাৰেষ্ট্ৰ
শীৰ্ষত থিয় হৈ চিঞৰি চিঞৰি ক’ব
খোজো কংকনা মই তোমাক ভাল পাঁও।
কিন্তু আমি সপোন দেখাৰ দৰে
কেতিয়াও সুখী হ’ব নোৱাৰো
তথাপিও মই সপোন দেখো তোমাক লৈ
হাজাৰ হাজাৰ সপোন …..
যিবোৰ সপোন বাস্তৱত পৰিণত
কৰিবলৈ এতিয়াও সময়ৰ সৈতে সংগ্ৰাম কৰি আছো মই।
Assamese poem by Nabajit(নৱজিত )
Photo by picjumbo.com from Pexels