বাৰিষা ভৰা নদীৰ নাচোনত
আপোনাৰ প্ৰত্যাগমণৰ সঠিক উমান
শাওণৰ ঋতুমতী পথাৰ ……
পানীপিয়া চৰাই মাতত সৰি পৰে
পাখি লগা ৰিমঝিম ডাৱৰৰ বিলাপ।
আপুনি মেঘৰ আঁৰত থাকে
আপুনি বৰষুণৰ গুণগুণনিত নামে,
আপুনি গাভৰুহঁতক ৰোৱনী সজাব জানে।
পথাৰত উৎসৱৰ শেষ নাথাকে আপুনি আহিলে,
আপোনাৰ বাবেই হালোৱা-ৰোৱনীৰ উদং কলাফুলত
হোলা মাটিৰ বোকাই লুকা-ভাকু খেলে।
বৰষুণে ধুৱাই দিয়ে ঘামৰ পোছাক
আৰু সপোন পোহা উঠন বুকু।
শালি কঠিয়াৰ গোজত আপুনি মোৰ আহিন,
মোৰ সম্ভাৱনাৰ আঘোণ, কঙালীৰ লঘোন
আপুনি মোৰ কৃষক পিতাইৰ ঘামৰ নদীত
ক্ৰমাৎ ভাঁহি অহা আশাৰ ডিঙা,
খোলা দুচকুত আঁকি যায় সপোনৰ আলপনা
ৰামধেনু বৰণীয়া ……. ।
(—কল্পজিত—)
Photo by picjumbo.com from Pexels